News & Notification Detail

A mini museum as North-East Ethnic Museum has been established on the MUC premises.

     In conjunction with International Museum Day on Thursday, 18/05/2023 the Literature, Language and Sports Cell of the Majuli Cultural University, has established a mini museum as North-East Ethnic Museum on the University premises. The idea of the museum project was proposed and taken up on 06/02/2023 and came up as a joint effort of Dr. Pankajyoti Borah and Dr. Himadri Saikia, Assistant Professor of the Department of Assamese, of the University. The main objective of this museum is to scientifically preserve the rare and lost resources of art, sculpture, painting, literature, language, script, folk ornaments etc. which are prevalent and used among the various ethnic groups living in different parts of North-eastern societies. It will also pave the way for research and intellectual thinking in various directions in the future and will make it very significant for the department’s students and future generations to be well-versed in the distinct culture and rich heritage.  
 
     The ceremony was hosted by Dr. Himadri Saikia and the museum was inaugurated by Dr. Binod Chandra Bora, Registrar of the University who made a reflection on the objectives and importance of the museum on the occasion. Dr. Bora also requested the gathering to contribute to the expansion of its scope by adding more resources in the near future. Dr. Subhajyoti Borgohain, Ms. Aoyana Buragohain, Mr. Manashjyoti Bora, Mr. Rahul Kalita, Mr. Biswajit Bharali, Mr. Khirasindhu Saikia, Assistant Registrar; Dr. Bhaskarjyoti Boruah, Section Officer; Office Staff and many other students of the university were present at the ceremony.
 
(১৮/০৫/২০২৩ তাৰিখ বৃহস্পতিবাৰে আন্তৰ্জাতিক সংগ্ৰহালয় দিৱসৰ সৈতে সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাহিত্য, ভাষা আৰু খেল কোষৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ নৃ-গোষ্ঠীয় সংগ্ৰহালয় নামৰ এটি সংগ্ৰহালয় ক্ষুদ্ৰতম ৰূপত প্ৰতিষ্ঠা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ নৃ-গোষ্ঠীয় সংগ্ৰহালয় নামৰ এই সংগ্ৰহালয়টি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ পংকজ্যোতি বৰা আৰু ড০ হিমাদ্ৰী শইকীয়াৰ যুটীয়া আলোচনাত ০৬/০২/২০২৩ তাৰিখে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰস্তাৱনা হাতত লোৱা হৈছিল। এই সংগ্ৰহালয়টিৰ প্ৰধান উদ্দেশ্য হৈছে— ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত বা ব্যৱহাৰ হৈ থকা শিল্পজাত সামগ্ৰী, ভাস্কৰ্য, চিত্ৰকলা, সাহিত্য, ভাষা-লিপি, লোক-আভৰণ ইত্যাদি দুষ্প্ৰাপ্য বা হেৰাই যাব ধৰা সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষিত কৰি ৰখা। যাৰ দ্বাৰা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে ই অতি গুৰুত্বপূৰ্ণ হৈ উঠিব। তদুপৰি গৱেষণাধৰ্মী তথা বৌদ্ধিক চিন্তা-চৰ্চাৰ বাবে ভৱিষ্যতে ই বিভিন্ন দিশত বাট মুকলি কৰি তুলিব।
 
  ড০ হিমাদ্ৰী শইকীয়াই আঁতধৰা অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বিনোদ চন্দ্ৰ বড়াই সংগ্ৰহালয়টি উন্মোচন কৰি মিউজিয়ামৰ উদ্দেশ্য সম্পৰ্কীয় বিশেষ মন্তব্য আগবঢ়ায়। আৰু পৰৱৰ্তী সময়ত আৰু অধিক সমল সংযোগ কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে। উন্মোচনৰ স্থলীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ শুভজ্যোতি বৰগোহাঁই, অয়না বুঢ়াগোহাঁই, মানসজ্যোতি বৰা, ৰাহুল কলিতা, বিশ্বজিত ভৰালী, ড০ পংকজ্যোতি বৰা, সহকাৰী-পঞ্জীয়ক ক্ষীৰসিন্ধু শইকীয়া, শাখা বিষয়া ড০ ভাস্কৰজ্যোতি বৰুৱা, সহকাৰী-গ্ৰন্থাগাৰিক লগতে বিযয়া-কৰ্মচাৰী আৰু বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।)